বিস্তৃতি
তোমাৰ চকুত মোৰ গোটেই সপোন জিলিকি উঠিছে তাত প্ৰতিবিম্ব তাৰ উশাহত গৈছে তোমাৰ শ্বাস ওলাইছে প্ৰেমৰ পছোৱা বা: । দীঘল চুলিৰে, চকুৰ চাৱনিত হীদয়ে কৰে স্পন্দন তাৰ, কেনেবাকৈ যেন গম পাইযাই মনে পতা সেই সকলো জাল। হাঁহি তোমাৰ, মনে কৰে যেন ধুমুহা বতাহৰ দৰে, সেই হাঁহিত ভাঁহিৱ মনে যেন সুগন্ধি গোলাপৰ দৰে। নিজম দেহৰ প্ৰেৰণাৰ প্ৰাণ প্ৰকৃৃতিৰ যেন খাজ দান, দুই অন্তৰৰ দুই উদ্ধৃতি খাপে খাপে যেন পাই প্ৰাণ। হাতে সনা তোমাৰ মৰম মুখ মণ্ডলত পাই প্ৰাণ , এই হাতত হাতে ধৰি আমি; কটাব খোজোঁ আজীৱন জীৱন..। ✍️ ...
💐
ReplyDeleteWonderful...👍🎗️
ReplyDelete