সুখ দুখৰ মাজৰ কথা

মোৰ দুখৰ মনত তুমি

সদাই আহি দিয়া সুখ,

নিলগৰ ধৌ, নিলগৰ বতাহে

লৈ আহিছে মোলৈ দেখোন দুঃখ


কৰিছোঁ মই দুখৰ উপৰি দুখ

দিয়াহি মোক সুখৰ উপৰি সুখ,

লৈ যোৱা মোৰ জীৱনৰ দুখ

দিয়াহি মোক গোটেই জীৱনৰ সুখ


কৰিছোঁ কল্পনা

তোমাক দিবলৈ সান্তনা,

তুমি যদি গুচি যোৱা

তোমাক কেনেকৈ দিম সান্তনা


সেইবাবে লিখিছোঁ এই কবিতাটো;

তুমি যেন পঢ়ি দিব পাৰা

মোক সুখৰ সান্তনা


এয়ে লিখিলোঁ, এয়ে সামৰিলোঁ;

তুমি যেন পঢ়ি বুজি পোৱা

মোৰ দুখৰ বেদনা


                                               ✍️

                                  🎗️AJ Pankaj Bania



Comments

Popular posts

বিস্তৃতি

প্ৰাকৃতিক সম্পদ

তোমাৰ অবিহনে•तुम्हारे बीना•Without you