তুমি আহিবানে?•तुम आओगे?•Will you come?

  তুমি আহিবানে?

 

                                তোমাৰ সুখতেই সুখ বিচাৰি

খুলিছো মনৰ প্ৰেমৰ প্ৰাণ,

ভাল পাবলৈ তোমাক বিচাৰি

ৰাখিছোঁ মনত সপোনৰ যান


বহুতো সময় অতিক্ৰম কৰি

বাঢ়িছে মাথোঁ দুৰত্ব তাৰ,

ভাল পোৱাৰ-সত্যতা আজিও তাৰ

আছে গভীৰ মনত বেদনা যাৰ।


বন্ধ ঘৰত আজিও থাকি

এটি এটিকৈ কটাও ৰাত্ৰি; আক্ষীও উজাৰি

সপোনৰ মাজেৰেই তোমাক;

সন্ধানৰ অনুভূতিত

বিচাৰোঁ তোমাৰ সহানুভূতি


বান্ধোন খুলি; নিস্বাৰ্থী হৈ-বেগাই ফুৰো

প্ৰাণ ৰাখিবলৈ তোমাৰ;

মনৰ ভাজত

বিলিন হওঁ মই তোমাৰ লগত;

অস্ত্ৰ সন্ধানত

অন্তৰৰ সক্ৰিয় প্ৰেমৰ মাজত।


মনৰ মাজৰ অতিৰিক্ত ঠাইত

ৰাখিছোঁ তোমাক সদাই আগুৱাই,

অপেক্ষাত আছোঁ আজীৱনেই;

তোমাৰ প্ৰাপ্তিত

কল্পনা কৰি তুমি অহা চাই

                               ✍

                                     AJ Pankaj Bania


Comments

Popular posts

বিস্তৃতি

প্ৰাকৃতিক সম্পদ

সুখ দুখৰ মাজৰ কথা

তোমাৰ অবিহনে•तुम्हारे बीना•Without you