শেষ মুহূৰ্ত: अंतिम क्षण: Last moment

 অ' সোণ, মই তোমাক বহুত ভাল পাওঁ অ'। কিন্তু তুমি চাগে কেতিয়াও অনুভৱয়েই কৰিব পৰা নাই।😑 কিয় নাজানো, জীৱনত তোমাক লগ পোৱা সময়ছোৱাৰ পৰা বৰ্তমান সময়লৈকে  ভাল বেয়া দুয়োটা পক্ষতেই তুমি স্থান লৈ আৰু তোমাক স্থান দি সময় অতিবাহিত কৰি আহিছোঁ। কিন্তু, এই সময়ছোৱাৰ  মাজত তুমিনো এক মূৰ্হুত্তৰ বাবেও অনুভৱ কৰিব পৰা নাই নে!

এনে কিছুমান মূৰ্হুত আহে যত তোমাক অইন কাৰোবাৰ বুলি ঘৃণা অনুভৱ কৰি তোমাৰ পৰা বহুত দূৰত গুচি যাওঁ! কিন্তু কিমান সময়: কেইমূৰ্হুতৰ পাছতেই মোৰ হৃদয়ত মোৰ অন্তৰত আঁকৈ তোমাৰ এক নতুন প্ৰতিচ্ছবি এক নতুন আলোচিত্ৰ এক নৱ চৰিত্ৰ গঢ় লৈ উঠে। কি কৰিম! ইয়াকেই কয় চাগে প্ৰেম, এইয়াই চাগে এক অফুৰন্ত ভালপোৱাৰ অনুভূতি। যিয়ে হৃদয়ত এক নিৰ্দিষ্ট স্থান লৈ সদায় পৰিষ্কাৰ আৰু সেউজীয়া কৰি ৰাখে, যিয়ে নিৰস হৈও ৰসালতাৰ পৰিচয় দাঙি ধৰে।


  তোমাৰ অবিহনে জীৱনৰ বাকী সময়ছোৱা কেনেকৈ অতিবাহিত কৰিম: উত্তৰ একো বিচাৰি নাপাওঁ।

কিন্তু আজি তোমাক অনুভৱ কৰি এক এক ক্ষণ জীয়াই থাকিব লৈছোঁ, কাৰণ হ'ল: আশা!

তুমি যদি মোৰ জীৱনত এক অসীমিত অংশীদাৰী হিচাপে স্থান লোৱা অাৰু নিষ্ক্ৰিয় ভাৱে মই, তেনেহলে তুমি অাৰু মই জীৱনৰ কঠোৰতম্ পথত সহজে আগুৱাই যাব পাৰিম অাৰু সফলতাৰ স্থানত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ কোনো বিভ্ৰান্তি ৰৈ নাযাৱ

💢


মোক তোমাৰ প্ৰয়োজন।

অনুভৱ কৰিব পাৰিবানে?😔







Comments

Popular posts

বিস্তৃতি

প্ৰাকৃতিক সম্পদ

সুখ দুখৰ মাজৰ কথা

তোমাৰ অবিহনে•तुम्हारे बीना•Without you